বেটুপাত
ৱিকিউৎসৰ পৰা
|
সকলো লোকেই বৰঙণি আগবঢ়াব পৰা ই এক মুক্ত পুথিভঁৰাল
অসমীয়া ভাষাৰ ৱিকিউৎসত বর্তমান ১,১৯৭ টা লেখা আছে।
|
|
|||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
এপ্ৰিল মাহৰ নিৰ্বাচিত লেখা
"সাৰথি" (১৯১৫) , লেখক - সত্যনাথ বৰা।
উদ্গতি সাধন মনুষ্য জীৱনৰ মূল মন্ত্ৰ, আৰু সংসাৰ কৰ্ম্মক্ষেত্ৰ, এই ক্ষেত্ৰত যি নিজৰ আলম লৈ পুৰুষাৰ্থ কৰি সম্পদ লাভ কৰিব পাৰে, আৰু ডাঙ্গৰ হয়, সি ধন্য, যি নোৱাৰে তাক কোনেও মানুহ বুলি লেখত নধৰে। কিন্তু সংসাৰ বৰ একাচেকা ঠাই। ই এটা যুদ্ধৰ বেহু, ইয়াত সদায় দল্দোপ্ হেন্দোল্দোপ্ লাগি আছে। ইয়াৰ ভিতৰত বাট, আওবাট, সৰ, সুৰুঙ্গা ভৰি আছে তাৰ কোনটোৱে গ'লে কত ওলাব পাৰি ঠাৱৰিবলৈ টান। সেই দেখি সৰভ ভাগ মানুহে উৱাদিহ নাপাই সংসাৰ-সোঁতত গা এৰি দি উটি যায়, আৰু সোঁতে নি যতে তোলে ততে উঠে। কিন্তু সোঁত বুলিলেই নামনিলৈ বয়, এতেকে সোঁতত গা এৰি দিলে মানুহ নামনিৰ ফাললৈহে যায়, ওপৰলৈ উজাব নোৱাৰে। উদ্গতিৰ মোহন মন্দিৰ সোঁতৰ উজনিত, উজাই নগ'লে সেই বিনন্দ-বিলাস অময়া মন্দিৰত উঠিব নোৱাৰি। কিন্তু সোঁতত উজাই যোৱা টান কথা। সোঁতেৰে সৈতে যুদ্ধ কৰিহে উজাব পাৰি, সেই দেখি মানুহে জীৱনটোক জীৱন-যুদ্ধ বোলে। যুদ্ধত এজন সাৰথি নহ'লে জয়লাভ কৰিব নোৱাৰি, সেইদৰে জীৱন-যুদ্ধতো এজন সাৰথি নহ'লে জয়লাভ কৰিবলৈ টান। এই পুথিখনত জীৱন-যুদ্ধৰ আও-ভাও, আঁত-গুৰি, আৰু কৌশলবিলাক বুজাই দিবৰ চেষ্টা কৰা হৈছে, সেইদেহি ইয়াৰ নামো সাৰথি থোৱা হৈছে। জীৱন-যুদ্ধৰ কৌশলবিলাক ব্যাখ্যা কৰাত শুৱলা হৈছে নে নাই, সেই কথা ৰাইজে বিচাৰ কৰিব, কিন্তু আমি সিবিলাকক জনাই থ'ব খোজোঁ যে পুথিখনত মনেৰে ভাবি ধৰা কোনো কথা লিখা হোৱা নাই। যি কথা নিজৰ জীৱনত ফলিয়াইছে, আৰু আনৰ জীৱনত ফলিৱা দেখিছোঁ, তাকেহে মাথোন ইয়াত ঠাই দিয়া হৈছে। পুথিখনে যদি আমাৰ উঠি-অহাবিলাকৰ জীৱন-যুদ্ধত সাৰথি হৈ একনিষ্টামানো সহায় কৰিব পাৰে, তেও আমি নিজক ধন্য মানিম।। (সম্পূৰ্ণ পঢ়ক...)
নতুন লেখাসমূহ
- বীণ-বৰাগী - লেখক চন্দ্ৰকুমাৰ আগৰৱালা
- হনুমান পাঁচালী
- ৰাম-নবমী, লেখক গুণাভিৰাম বৰুৱা
- গীতা , লেখক লক্ষ্মীনাথ বেজবৰুৱা (সুৰভি গ্ৰন্থৰ দ্বিতীয় গল্প)
- পদুম কুঁৱৰী , লেখক লক্ষ্মীনাথ বেজবৰুৱা (উপন্যাস)
- গাওঁবুঢ়া, লেখক পদ্মনাথ গোহাঞিবৰুৱা (ধেমেলীয়া নাটক)
ৱিকিউৎসৰ বিষয়ে
ৱিকিউৎস এক মুক্ত পুথিভঁৰাল য’ত আমাৰ স্বেচ্ছাসেৱকসকলে মুক্ত প্ৰকাশনসমূহ সংগ্ৰহ আৰু ৰক্ষণাবেক্ষণ কৰে। আপুনি কেনেকৈ লেখা এটা আৰম্ভ কৰিব এই সম্পৰ্কে জানিবলৈ অন্তৰ্ভুক্তি নিৰ্দেশনা আৰু সহায়িকা পৃষ্ঠা চাওক, আৰু আপুনি কি ভাৱে বৰঙণি যোগাব পাৰে সেয়া জানিবলৈ সমাজৰ বাটচ'ৰা চাওক। ৱিকিউৎসত পৰীক্ষা-নিৰীক্ষাৰ বাবে পৰীক্ষাগাৰ ব্যৱহাৰ কৰিব পাৰে।
ৱিকিউৎস বিচৰণ কৰক
ৱিকিউৎসৰ বাহিৰে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ আৰু কেইবাটাও বহুভাষিক মুক্ত প্ৰকল্প আছে।
ৱিকিমিডিয়া প্ৰকল্পসমূহৰ ব্যৱস্থাপনা |
মুক্ত বিশ্বকোষ |
অভিধান আৰু সমাৰ্থক শব্দকোষ |
মুক্ত পাঠ্যপুথি আৰু হাতপুথি |
অংশীদাৰী মিডিয়া ভঁৰাল |
উক্তি আৰু উদ্ধৃতিৰ সংগ্ৰহালয় |
জীৱপ্ৰজাতি নিৰ্দেশিকা |
মুক্ত উৎসৰ বাতৰি |
মুক্ত শিক্ষা মাধ্যম আৰু কাৰ্যক্ৰম |